Posts

Showing posts from 2022

চিত্ৰকলা, বাখ্যাচিত্ৰন : সম্পৰ্ক আৰু বিবাদ

Image
শিল্পকলা ( বিশেষকৈ ছবি ) বহুক্ষেত্ৰত "ইলাষ্ট্ৰেশ্যনধৰ্মী"  হব পাৰে। শিল্প - ইতিহাসত বহু   "ইলাষ্ট্ৰেশ্যনধৰ্মী "  ছবিৰ উদাহৰণ আছে । অথবা ইলাষ্ট্ৰেশ্যন ত কিছু পেইন্টিং - গুণ থাকিব পাৰে । সাধাৰণভাবে চালে  ' ইলাষ্ট্ৰেশ্যন'  আৰু ‘ পেইন্টিং ’ ৰ  কোনো পাৰ্থক্য দেখা নাপালেও উদেশ্যগত পাৰ্থক্যৰ উপৰিও ব্যক্তিসত্বা , শিল্পচিন্তা , শিল্পভাষা   ইত্যাদিৰ পাৰ্থক্য দেখা পোৱা যায় । এই ক্ষেত্ৰত প্ৰধানকৈ ভা ব - চিন্তা , শিল্পবোধ , উপস্থাপন শৈলী আৰু ধাৰণাই শিল্পকলাক এক সাৰ্থকতা প্ৰদান কৰে । ‘ ইলাষ্ট্ৰেশ্যন ’ ৰ উদেশ্যগত ব্যৱহাৰিক , বাণিজ্যিক দিশটোৱেই প্ৰধান যদিও ইয়াৰ সহজ , সৰল ভাষাৰ সাৰ্বজনীনতা উল্লেখযোগ্য ।   ইলাষ্ট্ৰেশ্যন  হৈছে এটা নেৰেটিভ বা কথা বা কাহিনী বা ঘটনা বা Text ৰ আধাৰত গঢ়ি তোলা সৰলীকৃত ভিজুৱেল উপ স্থা পন আৰু ইয়েই মূখ্য । চিত্ৰশিল্প অথবা ছবিৰ ক্ষেত্ৰত নেৰেটিভ এটা সহায়ক উপাদানহে (Supportive element) বা ই এক অংশবিশেষহে ।  ইলাষ্ট্ৰেশ্যন   সদায় ব্যা ণি জিক প্ৰিন্টিং আৰু পাব্লিছি ঙ ত ব্যৱহাৰ হয় যেনে পোষ্টাৰ , বেনাৰ , আলোচনী , কিত...