পাৰফৰ্মেন্স আৰ্ট: এটি প্ৰসংগ আৰু কিছু অভিজ্ঞতা
#performanceart পাৰফৰ্মেন্স আৰ্টৰ সঠিক অসমীয়া প্ৰতিশব্দ নাই। কিছু শব্দৰ আক্ষৰিক প্ৰতিশব্দ পোৱা যায় যদিও অৰ্থ বেলেগ দিশে ঢাপলি মেলে । সেয়ে বহুক্ষেত্ৰত ইংৰাজী শব্দই ব্যৱহাৰ কৰা হৈছে । লেখনিটোত কলা – ইতিহাসৰ লগতে পাৰফৰ্মেন্স আৰ্ট ৰ পৰীক্ষন – পুনৰীক্ষণত হোৱা আমাৰ কিছু অভিজ্ঞতাক সাঙুৰি লোৱা হৈছে । পাৰফৰ্মেন্স আৰ্ট সাধাৰনতে এক মাধ্যম আৰু ই সদায়েই লাইভ । পাৰফৰ্মেন্স আৰ্টৰ আনুষ্ঠানিক সংজ্ঞা সঠিককৈ দিয়াটো কঠিন । কিছু লোকে এই মাধ্যমক “Body Art” আৰু “Live Art” ৰেও নামাকৰণ কৰিছে । ই সদায়েই “Artist Body” / শিল্পীৰ দেহ ৰ লগত জড়িত য’ত দেহ এক মেটেৰিয়েল অথবা প্ৰকাশৰ মাধ্যম । শিল্পীৰ দেহ পৰীক্ষণ– পুনৰীক্ষণৰ অভিব্যক্তিক ক্ষমতাক গুৰুত্ব দিয়া হয় । শিল্পীয়ে নিজৰ দেহ-মনৰ এক অভিব্যক্তিক ক্ষমতা বুজি উঠাটোৱেই প্ৰাথমিক । ইয়াক বহুতে নাটক অথবা বাটৰ নাট ৰ লগত ৰিজাই যদিও বহু পাৰ্থক্যগত দিশ দেখা পোৱা যায় । নাটক এখনত অভিনেতা / অভিনয় গুৰুত্বৰ বিপৰীতে পাৰফৰ্মেন্স আৰ্টত অভিনয়ক নাকচ কৰে । কিন্তু ভাৰতত আমি কিছু থিয়েট্ৰিকেল পাৰফৰ্মেন্সো দেখা পাও । কাৰণ আমাৰ সমাজ জীৱনত থিয়েটাৰ, নাটক ৰ বাস্তব প্ৰভাৱ হেতু কিছু পৰিমাণে ...